মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

আমাৰ ইতিহাস

  • ইতিহাস অনুসৰি ১৮৭৪ চনত অসম সচিবালয়ৰ অধীনষ্ঠ ৰাজহ আৰু সাধাৰণ বিভাগৰ সৈতে একেলগে এক স্বতন্ত্ৰ বিভাগ হিচাপে ন্যায়িক বিভাগটো সৃষ্টি কৰা হৈছিল যত এল.আৰ. হিচাপে মূৰুব্বীৰ দায়িত্ব পালন কৰিছিল বি.এন. ৰাওৱে যি ভাৰতীয় সংবিধান খচৰা কমিটিৰ সাংবিধানিক উপদেষ্টা আছিল আৰু পৰৱৰ্তী পৰ্য্যায়ত আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ ন্যায়াধীশ হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল। ফকৰুদ্দিন আলিৰ দৰে ব্যক্তিও ন্যায়িক বিভাগৰ এল.আৰ. হিচাপে কাৰ্য্যনিৰ্বাহ কৰি উক্ত বিভাগটোক গৌৰৱান্বিত কৰি থৈ গৈছে যি পৰৱৰ্তী সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদতো অধিষ্ঠিত হৈছিল। উপৰোক্ত ব্যক্তি সকলৰ ওপৰিও আন একগৰাকী বিশিষ্টি ব্যক্তিও এই বিভাগটোৰ এল.আৰ. হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল, তেঁও হল বি.এল. হানাচাৰিয়া যি পাছলৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও দায়িত্ব পালন কৰে। ১৯৭৬ চনত আইন বিভাগক ন্যায়িক আৰু বিধায়িনী বিভাগলৈ দ্বিখণ্ডিত কৰি এক সুকীয়া ন্যায়িক বিভাগ গঢ়ি তোলা হয়।

    তলত উল্লেখ কৰা সকলে ন্যায়িক বিভাগৰ কাৰ্য্যাৱলী সম্পাদন কৰেঃ

    • অসম চৰকাৰৰ বিধি নিৰ্দেশক আৰু সচিব
    • অসম চৰকাৰৰ যুটীয়া বিধি নিৰ্দেশক আৰু যুটীয়া সচিব
    • অসম চৰকাৰৰ যুটীয়া সচিব
    • অসম চৰকাৰৰ উপ বিধি নিৰ্দেশক আৰু উপ সচিব
    • অসম চৰকাৰৰ উপ সচিব
    • বিধি সহায়ক ও অৱৰ সচিব

    ৰাজ্য খনৰ সামগ্ৰিক ন্যায় প্ৰশাসনৰ ক্ষেত্ৰত ন্যায়িক বিভাগটো দায়বদ্ধ। অন্য বিভাগ সমুহৰ আইনী বিষয় বোৰৰ ক্ষেত্ৰত অসম চৰকাৰক পৰামৰ্শ প্ৰদান কৰাৰ উপৰিও ন্যায়িক বিভাগটোৱে ন্যায় প্ৰশাসনৰ ক্ষেত্ৰতো অসম চৰকাৰৰ এক প্ৰশাসনিক বিভাগ হিচাপে ভূমিকা পালন কৰে।