মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

নাগৰিক চনদ

  • পৰিচয়

    ন্যায়িক বিভাগটো প্ৰতিষ্ঠা কৰা হৈছিল ১৯৭৬ বৰ্ষত ১৮/০৫/১৯৭৬ তাৰিখৰ নিযুক্তি (বি.) বিভাগীয় অধিসুচনা নং এ.বি.এম.২৩/৬৭/৬০ অনুসৰি। গুৱাহাটীৰ দিছপুৰস্থিত অসম সচিবালয়ৰ ই-ব্লকৰ দ্বিতীয় মহলাত এই ন্যায়িক বিভাগ অৱস্থিত। ন্যায়িক বিভাগৰ কাৰ্য্য সমুহ সম্পাদন কৰে এল.আৰ. ও আয়ুক্ত আৰু সচিবে আৰু তেঁওক সহযোগ কৰে বিভাগৰ অন্য বিষয়া সকলে। ৰাজ্যৰ সামগ্ৰিক ন্যায়িক প্ৰশাসন ব্যৱস্থাৰ ক্ষেত্ৰত ন্যয়িক বিভাগ দায়বদ্ধ। ন্যায়িক প্ৰশাসনৰ ক্ষেত্ৰত এই বিভাগে অসম চৰকাৰৰ প্ৰশাসনিক বিভাগ হিচাপে দায়িত্ব পালন কৰে। গ্ৰাহক সকলক তেঁওলোকৰ সেৱা সমূহৰ তত্কালীন লাভ গ্ৰহণৰ অনুমতি প্ৰদানৰ বাবেই এই নাগৰিক চনদ প্ৰস্তুত কৰা হৈছে।
    তলত উল্লেখ কৰা বিষয় সমূহৰ ক্ষেত্ৰত সকলো প্ৰশাসনিক বিভাগে ন্যায়িক বিভাগৰ সৈতে পৰামৰ্শৰ আদান-প্ৰদান কৰেঃ

    • পৰিনিয়ম, আইন, অধিনিয়ম আৰু পৰিনিয়ত অধিনিয়ম, আদেশ আৰু অধিসূচনা প্ৰস্তুতৰ ক্ষেত্ৰত।
    • কোনো বিষয় ক্ষেত্ৰত উদ্ভৱ হোৱা সাধাৰণ আইনী সিদ্ধান্ত।
    • প্ৰতিষ্ঠান বা কোনো প্ৰশাসনিক বিভাগৰ উদাহৰণ অনুসৰি কোনো অভিযোগ উঠাই লোৱা।

    এনে সকলো প্ৰসংগৰ সৈতে গোচৰৰ তথ্য সমুহ আৰু প্ৰতিটো বিষয় সাঙুৰি এক সঠিক প্ৰতিবেদন সংলগ্ন কৰা হব যত ন্যায়িক বিভাগৰ পৰামৰ্শৰ প্ৰয়োজন হয়।

    লক্ষ্য

    অসমত ন্যায় প্ৰশাসন ব্যৱস্থাৰ জৰিয়তে ন্যায়িক ব্যৱস্থাত মোকৰ্দমাকাৰী সকলৰ প্ৰবেশ সহজ কৰি তোলা আৰু লগতে সময়মতে ন্যায় লাভ কৰাটো সুনিশ্চিত কৰা।

    অভিযান

    ন্যায় প্ৰদান ব্যৱস্থাৰ উন্নয়নৰ বাবেই নিম্ন আদালতৰ লগতে তাত থকা বিচাৰক/ন্যায়িক বিষয়া, চৰকাৰী উকিল/চৰকাৰী গোচৰতৰোতা/ সাৰ্বজনিন অভিযোজক, ন'টাৰী বিষয়া আদিৰ পৰ্য্যাপ্ততা সুনিশ্চিত কৰা আৰু লগতে আদালত আৰু ইয়াৰ প্ৰক্ৰিয়া সমুহৰ আধুনিকিকৰণ কৰা, ন্যায়িক সংশোধনিৰ বাবে নীতি ৰূপায়ন কৰা ইত্যাদি।

    ন্যায়িক বিভাগে তলত উল্লেখ কৰা বিষয় সমুহ চোৱা চিতা কৰেঃ

    • অসম ন্যায়িক সেৱা/আইনী সেৱাৰ বিষয়া সকলৰ সংস্থাপন সম্বন্ধীয় বিষয়।
    • অন্য প্ৰশাসনিক বিভাগে প্ৰেৰণ কৰা যি কোনো বিষয় সম্মন্ধত আইনী মতামত দাঙি ধৰা।
    • বাজেট প্ৰস্তুত কৰা।
    • উচ্চ ন্যায়ালয় বা নিম্ন আদালত সমুহে প্ৰস্তাৱ কৰা পদ সমূহ সৃষ্টি কৰা বা ইয়াৰ সংৰক্ষণ কৰা।
    • মহা অধিবক্তা/অতিৰিক্ত মহা অধিবক্তা নিযুক্তি সম্বন্ধীয় বিষয়।
    • জিলা আৰু নিম্ন আদালত সমুহত চৰকাৰী গোচৰ সমুহ চলাই নিবৰ বাবে চৰকাৰী অধিবক্তা আৰু লোক অভিযোক্তা নিযুক্ত কৰা আৰু তেঁওলোকক মাচুল প্ৰদান কৰা।
    • উচ্চ ন্যায়ালয়ত চৰকাৰী অধিবক্তা নিযুক্ত কৰা আৰু তেঁওলোকক মাচুল প্ৰদান কৰা আৰু লগতে অসমৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তা কাৰ্য্যালয়ৰ তত্বৱধান কৰা।
    • উচ্চতম ন্যায়ালয়ত চৰকাৰী গোচৰ সমুহ পৰিচালনা কৰা আৰু ইয়াৰ বাবে অধিবক্তাক মাচুল আদায় দিয়া।
    • সংবিধানত উল্লেখ কৰা ধৰণে কোনো কোনো বিষয়ত চৰকাৰ আৰু উচ্চ ন্যায়ালয়ৰ মাজত সংযোগ সম্পৰ্ক বজাই ৰখা।
    • অসম ন্যায়িক, আইনী সেৱা, অধিষ্ঠাতা বিষয়া, শ্ৰম আদালত আৰু বিভিন্ন ন্যায়ধিকৰণৰ সেৱা সম্বন্ধীয় বিষয়
    • মহা অধিবক্তা, অসম আৰু চৰকাৰী অধিবক্তা কাৰ্য্যালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণ।

    মক্কেলৰ সবিশেষ বিৱৰণ

    • মহা অধিবক্তা, অসম
    • মহা পঞ্জীয়ক, গুৱাহাটী উচ্চ ন্যায়ালয়, গুৱাহাটী
    • তালিকা পাঠ-৩
    • অধীনষ্ঠ ন্যায়পালিকা(জিলা আৰু ছেছন ন্যায়াধীশ/চি.জে.এম./এছ.ডি.জে.এম.(এম)/পৰিয়াল আদালতসমূহ/উদ্যোগিক ন্যায়াধিকৰণ/শ্ৰম আদালত/বাহন দুৰ্ঘটনা দাবী ন্যায়াধিকৰণ/টি.এ.ডি.এ. আদালত/বিশেষ ন্যায়াধীশৰ আদালত, চি.বি.আই.)।
    • জ্যেষ্ঠ চৰকাৰী অধিবক্তা, অসম, গুৱাহাটী উচ্চ ন্যায়ালয়, গুৱাহাটী।
    • জ্যেষ্ঠ চৰকাৰী অধিবক্তা, অসম- কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ, গুৱাহাটী শাখা।
    • জ্যেষ্ঠ চৰকাৰী অধিবক্তা, অসম-অসম প্ৰশাসনিক ন্যায়াধিকৰণ, গুৱাহাটী।
    • সঞ্চালক, আইন গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী উচ্চ ন্যায়ালয়, গুৱাহাটী।
    • ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক অকাডেমী, গুৱাহাটী।
    • সকলো বিভাগ, অসম চৰকাৰ।
    • সকলো নাগৰিক।

    সাংগঠনিক সংৰচনা

    ক্ৰমিক নংপদবীঠিকনা

    এল.আৰ. ও আয়ুক্ত আৰু সচিব (ন্যায়িক সেৱাৰ ফালৰ পৰা)

    অসম সচিবালয়, ই. ব্লক, দ্বিতীয় মহলা, দিছপুৰ, গুৱাহাটী-৬

    যুটীয়া এল.আৰ. আৰু যুটীয়া সচিব (এজন)(আইনী সেৱা)

    একে

    যুটীয়া সচিব(এজন)(আইনী সেৱা)

    একে

    উপ-এল.আৰ. আৰু উপ সচিব (এজন)(আইনী সেৱা০

    একে

    উপ-সচিব (এজন)(ন্যায়িক সেৱা)

    একে

    এল.আৰ. আৰু অৱৰ সচিবৰ প্ৰতি এল.এ.(এজন)(আইনী সেৱা)

    একে

    পুথিভঁৰাল অধ্যক্ষ (এজন)

    একে

    সচিবালয় প্ৰশাসন বিভাগে নিযুক্তি দিয়া অন্যান্য সহযোগী বিষয়া-কৰ্মচাৰী সকল, যেনে –অধীক্ষক, জ্যেষ্ঠ প্ৰশাসনিক সহকাৰী, কনিষ্ঠ প্ৰশাসনিক সহকাৰী, কম্পিউটাৰ পৰিচালক, পিয়ন।

    একে

     

    সেৱা প্ৰদান

    আমাৰ লক্ষ্য হৈছে তলত উল্লেখ কৰা সেৱা সমুহ প্ৰদান কৰা / মান সুচক প্ৰাপ্ত কৰা

    ক্ৰমিক নংসেৱাপৰিস্থিতিসময় সীমাবিষয়ামাচুলমন্তব্য

    নিযুক্তিৰ জাননী জাৰি কৰা

    ক. অসম লোক সেৱা আয়োগৰ তালিকা/উচ্চ ন্যায়ালয়ৰ তালিকাঃ অসম ন্যায়িক সেৱা / আইনী সেৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয় / অসম লোক সেৱা আয়োগৰ বাচনি তালিকা লাভ কৰাৰ পাছত অসম ন্যায়িক সেৱাৰ ৩য় বৰ্গ আৰু লগতে অসম আইনী সেৱাৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ জাননী জাৰি কৰিবৰ বাবে  প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয়

    দহ দিন

    এল.আৰ. ও আয়ুক্ত আৰু সচিব / যুটীয়া সচিব

     

     

     

     

    খ. নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ বিষয়ে আৰক্ষীৰ প্ৰতিবেদন বিচৰা হয়

    পাঁচ দিন

    এল.আৰ. আৰু সচিব / যুটীয়া সচিব  / উপ সচিব

     

     

     

     

    গ. সঠিক ৰূপত সংশ্লিষ্ট কৰ্তৃপক্ষ সমূহৰ পৰা লাভ কৰা প্ৰস্তাৱ / কাৰ্য্যপ্ৰণালী সংশ্লিষ্ট প্ৰসংগ বিভাগলৈ প্ৰেৰণ কৰা

    ১০ দিন

    একে

     

     

     

     

    ঘ. সঠিক ৰূপত লাভ কৰা নৱীকৰণৰ অৱধাৰণ অনুমোদনৰ বাবে প্ৰস্তাৱ

    ১৫ দিন

    একে

     

     

     

     

    ঙ. স্থায়ী অৱধাৰণ জাৰি কৰাৰ বাবে প্ৰস্তাৱ

    ১০ দিন

    একে

     

     

     

     

    চ. বিভিন্ন প্ৰশাসনিক বিভাগে প্ৰদান কৰা শপতনামা খচৰা / কেবিনেট স্মাৰকপত্ৰৰ পুনৰীক্ষণ কৰা

    ৫ ৰ পৰা ১০ দিন

    একে

     

     

    পেঞ্চনৰ নথি অসমৰ মহাগাণনিক বিষয়ালৈ (এ. এণ্ড জি.) প্ৰেৰণ কৰা

    ১) আবেদন/প্ৰস্তাৱ, ২) এক নং প্ৰ-পত্ৰ, অনুলগ্ন-II, ৩) প্ৰ-পত্ৰ ১এ., ৪) দুই নং প্ৰ-পত্ৰ, ৫) ১৯নং প্ৰ-পত্ৰ, ৬) সন্মতি পত্ৰ, ৭) চহীৰ নমুনা, ৮) প্ৰ-পত্ৰ এ., ৯) প্ৰ-পত্ৰ-I, ১০) ৰাজ্যিক বিষয়াৰ পৰা আৱশ্যকতা নথকাৰ প্ৰমান পত্ৰ, ১১) ঋণ, চৰকাৰী ঋণ, মঞ্জুৰী পত্ৰ, ১২) স্বামী বা স্ত্ৰীৰ সৈতে যৌথ আলোকচিত্ৰ, ১৩) এল.পি.চি., ১৪) জি.পি.এফ./জি.আই.এছ.

    ১০ দিন

    এল. আৰ. আৰু সচিব / যুটীয়া সচিব / উপ-সচিব

     

     

    আইনী মতামত প্ৰদান

    ক) কোনো নিৰ্দিষ্ট বিষয়ৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰসংগ বিভাগৰ ফালৰ পৰা ন্যায়িক মতামত / মন্তব্য লাভৰ বাবে প্ৰস্তাৱ।

    ১. বিচাৰৰ / আদালতৰ আদেশৰ প্ৰতিলিপী

    ২. ডি.পি. / অভিযোগনামা / আদালতৰ বিচাৰৰ প্ৰতিলিপি

    ৩. অধিনিয়মৰ প্ৰতিলিপি

    বিষয়টোৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰশীল

    ১০দিন / এক মাহ

     

    এল. আৰ. আৰু সচিব / যুটীয়া সচিব / উপ-সচিব

     

     

    বৃত্তিগত মাচুল বিল আদিৰ অনুমোদন প্ৰদান

    ক) সংশ্লিষ্ট বিতৰণ আৰু আহবণ প্ৰাধিকাৰীৰ প্ৰস্তাৱ,

    খ) বাজেটৰ উপলব্ধতা,

    গ) মঞ্জুৰী প্ৰদানৰ পূৰ্বে বিল সমূহ পৰীক্ষা কৰা

    ঘ) মঞ্জুৰীকৰণৰ আদেশ প্ৰদান কৰা

    ৩০ দিন

    এল. আৰ. আৰু সচিব / যুটীয়া সচিব / উপ-সচিব

     

     

    অধিবক্তা নিযুক্তি জাৰি কৰা

    ক) অগ্ৰাধিকাৰ তালিকা,

    খ) সংশ্লিষ্ট জিলা উপায়ুক্তৰ পেনেল

    গ) অধিসূচনা জাৰি

    ৭ দিন

     

     

     

    নিম্ন আদালত আৰু লগতে উচ্চ ন্যায়ালয়ৰ বাবে আন্তঃগাঠনি উন্নয়ন কৰিবলৈ মঞ্জুৰী প্ৰদান কৰা

    ক) গুৱাহাটী উচ্চ ন্যায়ালয় / পি.ডব্লিও.ডি.ৰ পৰা প্ৰস্তাৱ

    খ) প্ৰশাসনিক মঞ্জুৰী প্ৰদান

    গ) পি.ডব্লিও.ডি.ৰ দ্বাৰা নিবিদা আহ্বান

    ঘ) চাহিদাৰ বাবে গড়কাপ্তানি বিভাগৰ পৰা প্ৰস্তাৱ

    ঙ) অনুমোদনৰ বাবে পৰিকল্পনা আৰু উন্নয়ন / বিত্তীয় বিভাগৰ পৰা মঞ্জুৰী

    চ) বিত্তীয় অনুমোদন

    ছ) এফ.ও.চি. জাৰি কৰা

    ৩০ দিন / ১০ দিন

     

    পি. এণ্ড ডি. আৰু বিত্তীয় বিভাগৰ ওপৰত নিৰ্ভৰশীল

     

     

    এল. আৰ. আৰু সচিব / যুটীয়া সচিব / উপ-সচিব

     

     

    চিলিং জাৰি কৰা

    ক) বিত্তীয় বিভাগৰ পৰা মঞ্জুৰী লাভ কৰাৰ পাছত

    খ) পাৰিতুষিকৰ বাবে চিলিং জাৰি কৰা

    ৭ দিন

    যুটীয়া এল.আৰ.

     

     

    নটাৰীৰ অনুশীলনৰ প্ৰমাণ পত্ৰ প্ৰদান

    ক) সংশ্লিষ্ট জিলা আৰু ছেছন আদালতৰ / সকলো আদালতৰ অধিষ্ঠাতা বিষয়া / ন্যায়ধিকৰণৰ প্ৰস্তাৱ

    খ) নথি পত্ৰৰ সত্যাসত্য প্ৰমাণ কৰা

    গ) সাক্ষাতকাৰ / বাচনি

    ঘ) মাননীয় মন্ত্ৰীৰ মঞ্জুৰী

    ঙ) অধিসূচনা জাৰি

    চ) খচৰাৰ সৈতে নিৰ্দিষ্ট প্ৰাৰুপ লাভ কৰাৰ পাছতে নটাৰীৰ অনুশীলনৰ প্ৰমাণ পত্ৰ প্ৰদান

    বাচনি কমিটি / পৰিষদৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল

     

     

    ৭ দিন

    এল.আৰ. আৰু সচিব / যুটীয়া সচিব

    ২,০০০/- টকা

     

    নটাৰীৰ অনুশীলনৰ প্ৰমাণ পত্ৰৰ নৱীকৰণ মঞ্জুৰ কৰা

    ১,০০০/- টকাৰ নিৰ্দ্ধাৰিত মাচুলৰ সৈতে অনুশীলনৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন লাভ

    দহ দিন বা নহলে নিৰ্দ্ধাৰিত ম্যাদ উকলি গলে,

    যিটোৱেই আগতে সংঘটিত হয়

    এল.আৰ. আৰু সচিব / যুটীয়া সচিব

    ১,০০০/- টকা

     

    ১০

    চিকিত্সালয় ব্যয় পৰিশোধ কৰা

    ক) প্ৰাসংগিক চিকিত্সালয় পৰিষদৰ প্ৰমাণ পত্ৰ, খ) ডি.এইচ.এছ., অসমৰ মঞ্জুৰী, গ) ডি.এইচ.এছ., অসম / যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় ইত্যাদিৰ পৰা লাভ কৰা ভৰ্ত্তিৰ প্ৰমাণ পত্ৰ, ঘ) এ.এম.এ.ৰ দ্বাৰা স্বাক্ষৰিত জৰুৰী প্ৰমাণ পত্ৰ, ঙ) এ.এম.এ.ৰ দ্বাৰা স্বাক্ষৰিত আচল বিল / ৰচিদ আদি সকলোৰে সৈতে সংশ্লিষ্ট বিতৰণ আৰু আহূণ বিষয়াৰ পৰা প্ৰস্তাৱ

    ৩০ দিন

    এল.আৰ. আৰু সচিব / উপ সচিব

     

     

    ১১

    আইন / অধিনিয়ম / অ.এম. / জাননী আদি আপলোড কৰা

    আপলোডিংৰ বাবে এন.আই.চি.লৈ প্ৰেৰণ কৰা হব

    পৰৱৰ্তী কৰ্ম দিন

    সংশ্লিষ্ট জাৰিকাৰক বিষয়া

     

     

    ১২

    ৱেবছাইট উন্নীত কৰা

     

    প্ৰতি সপ্তাহত এদিন

    সংশ্লিষ্ট জাৰিকাৰক বিষয়া

     

     

    ১৩

    তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত  তথ্য প্ৰদান

    ক) আৱেদন,

    খ) বিনামূলীয়া সেৱাৰ বাবে বি.পি.এল.ৰ প্ৰমাণ পত্ৰ

    ৩০ দিন

    এছ.পি.আই.ও. / যুটীয়া এল.আৰ. আৰু যুটীয়া সচিব

    ১০/- টকা

    পৃষ্ঠাই প্ৰতি ২/- টকা

     

     

    নিৰ্দিষ্ট প্ৰ-পত্ৰৰ উপলব্ধতা

    ৱেবছাইট/এন.আই.চি.ত আপলোড কৰা ন'টাৰী অধিনিয়ম ১৯৫৬ৰ (২০০৯বৰ্ষত সংশোধিত) পৰা ন'টাৰীৰ অনুশীলনৰ প্ৰমাণ পত্ৰ/নৱীকৰণৰ বাবে আৱেদন পত্ৰ সংগ্ৰহ কৰিব পাৰি।

    কাৰ্য্যালয় সময়ৰ পাছতো তথ্য লাভৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰক

    শ্ৰী এম.আৰ. বৰভুঁঞা
    অসম চৰকাৰৰ যুটীয়া সচিব
    ন্যায়িক বিভাগ
    মোবাইল – ৯৮৬৪০৩৩১৫৬

    অভিযোগ নিস্পত্তি ব্যৱস্থা

    সকলো কৰ্মচাৰীয়ে বিনম্ৰ আৰু সহায়কাৰী সেৱা আগবঢ়াব। যদিহে আপোনাৰ ওপৰত উল্লেখ কৰা মানৰ সেৱা সম্পৰ্কত কোনো অভিযোগ থাকে তেনেহলে এই অভিযোগ তলত উল্লেখ কৰা বিষয়াৰ সৈতে যোগাযোগ কৰি পঞ্জীয়ন কৰিবলৈ আপোনাক স্বাগতম জনাইছো।

    শ্ৰী এম.আৰ. বৰভূঁঞা, অসম চৰকাৰৰ যুটীয়া সচিব
    ন্যায়িক বিভাগ, দিছপুৰ, গুৱাহাটী-৬

    ইমেইল আই.ডি:judicialdepttassam@gmail.comৰ জৰিয়তেও অভিযোগ সমূহ দাখিল কৰিব পাৰিব।

    আৰু যদিহে সন্তুষ্ঠ নহয় তেনেহলে নাগৰিক সকলে কাষ চাপিব পাৰে :

    বিষয়াৰ নাম আৰু পদবীযোগাযোগৰ ঠিকনাটেলিফোন / ফেক্স / ই-মেইল

    শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা, এল.আৰ. আৰু আয়ুক্ত আৰু সচিব, অসম চৰকাৰ, ন্যায়িক বিভাগ

    ন্যায়িক বিভাগ, ব্লক-ই., দ্বিতীয় মহলা, অসম সচিবালয়, দিছপুৰ, গুৱাহাটী-৬

    ০৩৬১-২২৩৭২৯৪ (কাৰ্য্যালয়)

    অভিযোগ দাখিল সম্বন্ধীয় অন্যান্য তথ্য

    আমি তিনি দিনৰ ভিতৰতে সকলো অভিযোগৰ প্ৰতি সঁহাৰি জনাম আৰু প্ৰতিটো অভিযোগৰ বিপৰিতে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে পোন্ধৰটা কৰ্ম দিনৰ ভিতৰতে উত্তৰ প্ৰদান কৰা হব।

    আমাৰ হিতাধিকাৰী/ব্যৱহাৰকাৰীৰ সৈতে পৰামৰ্শৰ আদান প্ৰদান

    আমি আমাৰ ব্যৱহাৰকাৰীৰ পৰামৰ্শক স্বাগতম জনাও। এই পৰামৰ্শ সমূহ গুৱাহাটীৰ দিছপুৰস্থিত অসম সচিবালয়ৰ অসম চৰকাৰৰ অধীনষ্ঠ ন্যায়িক বিভাগৰ এল.আৰ. আৰু সচিব, শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা উদ্দেশ্যি প্ৰেৰণ কৰিব পাৰে।

    পৰ্য্যালোচনা

    লাভ কৰা অভিজ্ঞতা আৰু পৰামৰ্শৰ ওপৰত ভিত্তি কৰি এই চনদক বছৰত এবাৰকৈ পৰ্য্যলোচনা কৰা হব। এই সম্পৰ্কে যিকোনো পৰামৰ্শ গুৱাহাটীৰ দিছপুৰস্থিত অসম সচিবালয়ৰ অসম চৰকাৰৰ অধীনষ্ঠ ন্যায়িক বিভাগৰ এল.আৰ. আৰু সচিব, শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মাক উদ্দেশ্যি প্ৰেৰণ কৰিব পাৰে।

    তলত উল্লেখ কৰা বিষয় সমূহৰ ক্ষেত্ৰত আমি আপোনালোকৰ পৰা সহযোগিতা বিচাৰো

    • • কাৰ্য্যালয় চৌহদত স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত আমি আপোনালোকৰ সহযোগিতা বিচাৰো।
    • • আপোনাক সঠিক ভাৱে সেৱা আগবঢ়াবৰ বাবে আৰু লগতে কাৰ্য্যলায়ত এক সুস্থ কৰ্ম পৰিবেশ বজাই ৰখাৰ ক্ষেত্ৰত আমি আপোনালোকৰ পৰা সহযোগিতা কামনা কৰিলো।
    • • কোনো প্ৰস্তাৱ/আবেদন জমা কৰাৰ সময়ত সকলো প্ৰয়োজনীয় নথি বা তথ্য সংলগ্ন কৰাৰ বিষয়ে সুনিশ্চিত কৰিব।

    “যদি আমাৰ সেৱাৰ সৈতে আপুনি সন্তুষ্ট নহয়, তেনেহলে অনুগ্ৰহ কৰি আমাক জনাওক। যদি সন্তুষ্ট তেনেহলে আনক জনাওক”