মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

আমি কি কৰো

  • লক্ষ্য :

    অসমত ন্যায় প্ৰশাসন ব্যৱস্থাৰ জৰিয়তে ন্যায়িক ব্যৱস্থাত মোকৰ্দমাকাৰী সকলৰ প্ৰবেশ সহজ কৰি তোলা আৰু লগতে সময়মতে ন্যায় লাভ কৰাটো সুনিশ্চিত কৰা।

    অভিযান :

    ন্যায় প্ৰদান ব্যৱস্থাৰ উন্নয়নৰ বাবেই নিম্ন আদালতৰ লগতে তাত থকা বিচাৰক/ন্যায়িক বিষয়া, চৰকাৰী উকিল/চৰকাৰী গোচৰতৰোতা/ সাৰ্বজনিন অভিযোজক, নটাৰী বিষয়া আদিৰ পৰ্য্যাপ্ততা সুনিশ্চিত কৰা আৰু লগতে আদালত আৰু ইয়াৰ প্ৰক্ৰিয়া সমুহৰ আধুনিকিকৰণ কৰা, ন্যায়িক সংশোধনিৰ বাবে নীতি ৰূপায়ন কৰা ইত্যাদি।

    ন্যায়িক বিভাগে তলত উল্লেখ কৰা বিষয় সমুহ চোৱা চিতা কৰে:

    • অসম ন্যায়িক সেৱা/আইনী সেৱাৰ বিষয়া সকলৰ সংস্থাপন সম্বন্ধীয় বিষয়।
    • অন্য প্ৰশাসনিক বিভাগে প্ৰেৰণ কৰা যি কোনো বিষয় সম্মন্ধত আইনী মতামত দাঙি ধৰা।
    • বাজেট প্ৰস্তুত কৰা।
    • উচ্চ ন্যায়ালয় বা নিম্ন আদালত সমুহে প্ৰস্তাৱ কৰা পদ সমূহ সৃষ্টি কৰা বা ইয়াৰ সংৰক্ষণ কৰা।
    • মহা অধিবক্তা/অতিৰিক্ত মহা অধিবক্তা নিযুক্তি সম্বন্ধীয় বিষয়।
    • জিলা আৰু নিম্ন আদালত সমুহত চৰকাৰী গোচৰ সমুহ চলাই নিবৰ বাবে চৰকাৰী অধিবক্তা আৰু লোক অভিযোক্তা নিযুক্ত কৰা আৰু তেঁওলোকক মাচুল প্ৰদান কৰা।
    • উচ্চ ন্যায়ালয়ত চৰকাৰী অধিবক্তা নিযুক্ত কৰা আৰু তেঁওলোকক মাচুল প্ৰদান কৰা আৰু লগতে অসমৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তা কাৰ্য্যালয়ৰ তত্বৱধান কৰা।
    • উচ্চতম ন্যায়ালয়ত চৰকাৰী গোচৰ সমুহ পৰিচালনা কৰা আৰু ইয়াৰ বাবে অধিবক্তাক মাচুল আদায় দিয়া।
    • সংবিধানত উল্লেখ কৰা ধৰণে কোনো কোনো বিষয়ত চৰকাৰ আৰু উচ্চ ন্যায়ালয়ৰ মাজত সংযোগ সম্পৰ্ক বজাই ৰখা।
    • অসম ন্যায়িক, আইনী সেৱা, অধিষ্ঠাতা বিষয়া, শ্ৰম আদালত আৰু বিভিন্ন ন্যায়ধিকৰণৰ সেৱা সম্বন্ধীয় বিষয়
    • মহা অধিবক্তা, অসম আৰু চৰকাৰী অধিবক্তা কাৰ্য্যালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণ।