মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

ন'টাৰীৰ কৃত্য আৰু নিযুক্তি

ন’টাৰী আইন, ১৯৫২ৰ অধীনতহে ন্যায়িক বিভাগে ন'টাৰী নিযুক্তি প্ৰদান কৰে। ন'টাৰীৰ কাৰ্যাৱলী সমূহ তলত উল্লেখ কৰা হল-

  • শপত বাক্য আৰু প্ৰতিজ্ঞা, শপতনামা আৰু পৰিনিয়ত ঘোষনা গ্ৰহণ কৰা, কিছুমান নথিৰ কাৰ্য্যকৰণৰ বাবে সত্যাসত্যতা প্ৰমাণিত কৰা, চুক্তি আৰু অন্যান্য মঞ্জুৰীৰ ক্ষেত্ৰত স্বীকৃতি প্ৰদান কৰা, দাবী পত্ৰ আৰু বিনিময় পত্ৰ, বৈদেশিক খচৰাৰ জাননী প্ৰদান কৰা, ক্ষতি সাধনৰ ক্ষেত্ৰত সামুদ্ৰিক প্ৰতিবাদ গঢ়ি তোলা, উদাহৰণগত আৰু নটাৰী পত্ৰ প্ৰদান কৰা আৰু লগতে নিজ কৰ্ম ক্ষেত্ৰৰ অধীনষ্ঠ আন কিছুমান কাৰ্য্যও সম্পাদন কৰা। এনে সকলো কাৰ্য্যকেই নটাৰীকৰণ বোলা হয়।
  • কোনো লোকক শপত বাক্য পাঠ কৰোৱা বা তেঁওৰ পৰা শপতনামা গ্ৰহণ কৰা। এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰা আৰু অনুবাদৰ সঠিকতা প্ৰমাণিত কৰা।
  • আদালত বা কৰ্তৃপক্ষৰ নিৰ্দ্দেশ অনুযায়ী আয়ুক্ত হিচাপে কোনো অসামৰিক বা অপৰাধমূলক গোচৰৰ ক্ষেত্ৰত প্ৰমাণ নথিভুক্ত বা লিপিবদ্ধ কৰাৰ দায়িত্ব পালন কৰা।
  • নিৰ্দেশ লাভ কৰা আন সকলো কাৰ্য্য সম্পাদন কৰা। তেঁওৰ চহী আৰু পঞ্জীকৃত নম্বৰ সহ মোহৰ ব্যৱহাৰ কৰাৰ লগতে তাৰিখ উল্লেখ কৰি সকলো নটাৰীকৰণৰ কাৰ্য্য সম্পন্ন কৰা।

ন'টাৰী বিষয়া নিযুক্তিৰ পদ্ধতি

  • ন'টাৰী আইন, ১৯৫২ আৰু ন'টাৰী অধিনিয়ম, ১৯৫৬ অনুসৰি উপযুক্ত ন'টাৰী বিষয়াৰ লগতে অতিৰিক্ত ন'টাৰী বিষয়াৰ বাচনিৰ বাবেও সঠিক কৰ্তৃপক্ষৰ তৰফৰ পৰা, সেইয়া হল জিলা আদালত বা আদালত অথৱা ন্যায়াধিকৰণৰ অধীষ্ঠাতা বিষয়া, নিৰ্দেশনা লাভ কৰিব লাগিব।
  • ন'টাৰী অধিনিয়ম ৬ আৰু ৭ৰ সন্দৰ্ভত আবেদন পত্ৰ সমূহৰ ওপৰত বিচাৰ কৰিহে সঠিক কৰ্তৃপক্ষই এনে নিৰ্দেশনা সমূহ প্ৰস্তুত কৰে।
  • কোনো এলেকাৰ বাণিজ্যিক দিশটোৰ প্ৰতি লক্ষ্য কৰিহে অতিৰিক্ত ন'টাৰী বিষয়াৰ নিযুক্তিৰ প্ৰয়োজন সম্পৰ্কে সঠিক কৰ্তৃপক্ষক অৱগত কৰাব লাগিব।
  • সঠিক কৰ্তৃপক্ষৰ পৰা নিৰ্দ্দেশনা লাভ কৰাৰ পাছতহে আৱেদনকাৰী সকলক সাক্ষাত্কাৰৰ বাবে মতা হয়। অধিনিয়মৰ ৭(এ.)নং নিয়মৰ অধীনত এনে সাক্ষাত্কাৰ পৰিচালনা কৰিবৰ বাবে ২০০৯ বৰ্ষতে এক বাচনি পৰিষদ গঠন কৰা হৈছিল(ন্যায়িক বিভাগৰ এল.আৰ. আৰু সচিবে অধ্যক্ষতা কৰিব)। সাক্ষাত্কাৰৰ পাছতে মেধাৰ তালিকা প্ৰস্তুত কৰি ইয়াক মঞ্জুৰ কৰিবৰ বাবে বিভাগীয় মন্ত্ৰালয়ৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। এই তালিকাত মঞ্জুৰী প্ৰদান কৰাৰ পাছতে বাচনি হোৱা মেধাৱী আৱেদনকাৰী সকলক ৫ বছৰৰ বাবে নিযুক্তি প্ৰদান কৰি জাননী জাৰী কৰা হয়।
  • অনুশীলনৰ প্ৰমাণ পত্ৰ লাভৰ বাবে নিযুক্তিপ্ৰাপ্ত সকলে অসম চৰকাৰৰ সচিব, ন্যায়িক বিভাগক উদ্দেশ্যি নিৰ্দ্ধাৰিত ২০০০/- টকাৰ বেংকাৰ চেক বা ডিমাণ্ড ড্ৰাফ্ট জমা দিব লাগিব।
  • যি তাৰিখে এই অনুশীলনৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় সেই তাৰিখৰ পৰাই এই প্ৰমাণ পত্ৰ কাৰ্য্যকৰী হয় আৰু নিযুক্তিপ্ৰাপ্তৰ পাঁচ বছৰীয়া কাৰ্য্যকাল নিৰ্দ্ধাৰিত কৰে।

ন'টাৰী অনুশীলনৰ নৱীকৰণ প্ৰক্ৰিয়া

  • ন'টাৰী অধিনিয়মৰ ৮(বি.) নং নিয়ম অনুসৰি অনুশীলনৰ প্ৰমাণ পত্ৰৰ ম্যাদ উকলী যোৱাৰ ছয় মাহৰ ভিতৰতে ইয়াৰ নৱীকৰণৰ বাবে অসম চৰকাৰৰ সচিব, ন্যায়িক বিভাগক উদ্দেশ্যি নিৰ্দ্ধাৰিত ১০০০/- টকাৰ মাচুলৰ বেংকাৰচ চেক বা বেংক ড্ৰাফ্ট সংগ্ৰহ কৰি ইয়াৰ সৈতে আৱেদন কৰিব লাগিব।
  • প্ৰতিটো বিষয় চালি জাৰি নিৰীক্ষণ কৰি সঠিক প্ৰক্ৰিয়াৰ মাজেৰেহে নৱীকৰণৰ মঞ্জুৰী প্ৰদান কৰা হয়।