মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

এন.এল.ইউ.জে.এ.এ.

ন্যায় প্ৰশাসন, ন্যায়িক বিভাগৰ অধীনত বিত্ত মন্ত্ৰীয়ে আগবঢ়োৱা ২০১৬-১৭ বৰ্ষৰ বাজেট ভাষণৰ নথি-পত্ৰ সমূহ।

ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক প্ৰতিষ্ঠান আইন ২০০৯ প্ৰণয়ন কৰিছিল। এই আইন অনুসৰি আমি উক্ত প্ৰতিষ্ঠানৰ জৰিয়তে উন্নত মানৰ আইনী শিক্ষা ব্যৱস্থা প্ৰদানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰদান কৰিছো। এই প্ৰতিষ্ঠানটো হৈছে উত্তৰ পূৱৰ প্ৰথমটো এনে বৃহত্ উচ্চ মানৰ প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠানটোৰ প্ৰথমটো পঞ্চবাৰ্ষিক সংহত আইন স্নাতকৰ শিক্ষাবৰ্ষ উলুবাৰীস্থিত “উত্তৰ-পূৱ ন্যায়িক বিষয়া প্ৰশিক্ষণ অনুষ্ঠান”ৰ নৱনিৰ্মিত ভৱনত ২০১১ বৰ্ষৰ চেপ্তেম্বৰ মাহত আৰম্ভ হয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২০১৭ বৰ্ষৰ ২৫ মাৰ্চ তাৰিখে ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক প্ৰতিষ্ঠানৰ স্থায়ী চৌহদ মুকলি কৰে। এই মুকলি অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশ জে. চেলামেশ্বৰ, ন্যায়াধীশ শৰদ অৰৱিন্দ বোবদে, ন্যায়াধীশ অভয় মনোহৰ চাপ্ৰে আৰু ন্যায়াধীশ অমিতাভ ৰয় সহিতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশ অজিত্ সিং আৰু সন্মানীয় ন্যায়াধীশ হৃষিকেশ ৰয়ো উপস্থিত থাকে। উক্ত অনুষ্ঠানতে অসম চৰকাৰৰ মূখ্য সচিব ভি.কে. পিপাৰচেনিয়াও উপস্থিত থাকে।অধিক জানিবলৈ http://www.nluassam.ac.in ত লগ অন কৰক।