মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

ই-আদালতঃ ন্যায়ৰ সৈতে তথ্য প্ৰযুক্তিৰ সংমিশ্ৰণ

ই-আদালত : ই-আদালত হৈছে এক উচ্চাকাংশী প্ৰকল্প যত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয় হৈছে তিনি অংশীদাৰ। এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে ন্যায়িক ব্যৱস্থাৰ সৈতে প্ৰযুক্তিবিদ্যাৰ সংযোগ ঘটাই ন্যায় প্ৰদান ব্যৱস্থাটোক নতুন মাত্ৰা প্ৰদান কৰি ইয়াৰ প্ৰশাসনিক সক্ষমতা বৃদ্ধি কৰা আৰু ইয়াৰ জৰিয়তে গোচৰ নিস্পত্তিৰ হাৰ বৃদ্ধি কৰা।

ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাজত সম্পাদিত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি এই প্ৰকল্পৰ প্ৰথম পৰ্য্যায়ৰ ৰূপায়ন কাৰ্য্য অব্যাহত আছে। ই-আদালত সংহত অভিযান শৃংখলা প্ৰকল্পৰ(এম.এম.পি.) দ্বিতীয় পৰ্য্যায়ৰ ৰূপায়ন কাৰ্য্যৰ বাবে শেহতীয়াকৈ এই তিনিও অংশীদাৰৰ মাজত আন এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। অধিক জানিবৰ কাৰণে http://ecourts.gov.in. ত লগ অন কৰক।