মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

বিধি নিৰ্দ্দেশকৰ পুথিভঁৰাল

বৰ্তমান সময়ত পুথিভঁৰালক তথ্য বিতৰণ কেন্দ্ৰ হিচাপে বিবেচনা কৰা হয় আৰু পুথিভঁৰালৰ ভূমিকাক সংৰক্ষকৰ পৰা তথ্য বৈজ্ঞানিকলৈ পৰিৱৰ্তন কৰা হৈছে। আইন স্মৰণ পুথিভঁৰাল হৈছে অসমৰ এক প্ৰাচীন পুথিভঁৰাল। ই হৈছে এক বিভাগীয় পুথিভঁৰাল আৰু বৰ্তমানৰ বিভাগ হৈছে ন্যায়িক বিভাগ। গতিকে ইয়াৰ সকলো পুথিয়েই হৈছে আইন বিষয়ৰ সৈতে সম্বন্ধিত যত সকলো সংগৃহীত পুথিয়েই এটা বিষয়ৰ সৈতে সম্বন্ধিত আৰু যাক কোৱা হয় বিশেষ পুথিভঁৰাল বুলি।

আমাৰ পুথিভঁৰালটো হৈছে এক প্ৰসংগ পুথিভঁৰাল যত কিতাপ সমূহ বাহিৰলৈ নিব দিয়া নহয়। এল.আৰ. পুথিভঁৰাল কিতাপ সংগ্ৰহৰ ক্ষেত্ৰত বহু পৰিমাণে সমৃদ্ধশালী আৰু এই কিতাপ সমূহক তিনিটা প্ৰধান ভাগত বিভক্ত কৰা হৈছে।

ক. আইন বিভাগ
খ.সাময়িক পুথিকে ধৰি সকলো ন্যায়িক সামগ্ৰী, সাময়িক পুথি সমূহ হৈছে আইন পুথিভঁৰালৰ ৰাজহাড় স্বৰূপ।
গ. পাঠ্য পুথি

এই কিতাপ সমুহ যোৱা প্ৰায় এশ বছৰ ধৰি সংগ্ৰহ কৰি থকা হৈছে। বৰ্তমান ইয়াত প্ৰায় ২০০০ কেন্দ্ৰীয় আইন আৰু অধিনিয়ম আছে। সকলো সংশোধন সহ ৪০০ স্থানীয় আইন আৰু প্ৰায় ৪০০ স্থানীয় অধিনিয়ম চৰকাৰী অধিসূচনা আৰু জাননী পত্ৰ।

যি কোনো মুহুৰ্ততে এই সকলোবোৰৰ প্ৰয়োজন হব পাৰে যেতিয়াই সন্মানীয় বিধি নিৰ্দ্দেশকৰ পৰা ন্যায়িক মতামত বিচাৰি বিভিন্ন চৰকাৰী বিভাগ সমূহে নথি প্ৰেৰণ কৰে। অভিভাৱক বিভাগৰ কৰ্তব্য হৈছে আন চৰকাৰী বিভাগ সমূহক ন্যয়িক পৰামৰ্শ বা মতামত প্ৰদান কৰা।