মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ন্যায়িক বিভাগ

চৰকাৰী অধিবক্তাৰ নিযুক্তি

উচ্চতম ন্যায়ালয়ত থকা অসম চৰকাৰৰ স্থায়ী অধিবক্তাকে ধৰি সকলো চৰকাৰী অধিবক্তাৰ নিযুক্তি ন্যায়িক বিভাগে প্ৰদান কৰে। এই অধিবক্তা সকলৰ মাননী আৰু তেঁওলোকৰ বাবে থকা নীতি-নিয়ম সমূহো নিৰ্দ্ধাৰণ কৰে এই বিভাগে। সঠিক ভাৱে কবলৈ হলে তলত উল্লেখ কৰা অধিবক্তা সকলক অসম চৰকাৰৰ হৈ নিযুক্তি প্ৰদান কৰে ন্যায়িক বিভাগে।

  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহা-অধিবক্তা আৰু অতিৰিক্ত মহা-অধিবক্তা।
  • অসমৰ মহা অধিবক্তা আৰু চৰকাৰী অধিবক্তাৰ কাৰ্য্যালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণ কৰা।
  • জ্যেষ্ঠ চৰকাৰী অধিবক্তা/অতিৰিক্ত জ্যেষ্ঠ চৰকাৰী অধিবক্তা/কনিষ্ঠ চৰকাৰী অধিবক্তা/লোক অভিযোক্তা/অতিৰিক্ত লোক অভিযোক্তা/ পেনেল অধিবক্তা আদি সকলোৰে নিযুক্তি প্ৰদানকে ধৰি তেওঁলোকৰ মাননী প্ৰদান কৰা আৰু অসমৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তাৰ কাৰ্য্যালয়ৰ তত্বাৱধান কৰা।
  • জিলা আদালত আৰু ইয়াৰ নিম্ন আদালত সমূহত চৰকাৰৰ বিভিন্ন গোচৰ সমূহ পৰিচালনা কৰিবলৈ চৰকাৰী উকিল/সহকাৰী চৰকাৰী উকিল/লোক অভিযোক্তাসকল/বিশেষ লোক অভিযোক্তা/অতিৰিক্ত লোক অভিযোক্তাসকল/অতিৰিক্ত বিশেষ লোক অভিযোক্তা আৰু সহকাৰী লোক অভিযোক্তাৰ নিযুক্তি আৰু তেঁওলোকৰ মাননী প্ৰদান কৰা।
  • অসম চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত গোচৰ চলাই নিবলৈ স্থায়ী অধিবক্তাক নিযুক্তি প্ৰদান কৰা আৰু তেঁওলোকক মাননী প্ৰদান কৰা।

কিন্তু কোনো এক বিশিষ্ট চৰকাৰী বিভাগ বা প্ৰতিষ্ঠানৰ বাবে ন্যায়িক বিভাগে স্থায়ী অধিবক্তাৰ নিযুক্তি প্ৰদান নকৰে। এনে ক্ষেত্ৰত, কোনো চৰকাৰী বিভাগ বা প্ৰতিষ্ঠানে ন্যায়িক বিভাগৰ সৈতে পৰামৰ্শৰ আদান-প্ৰদান কৰি নিজৰ বাবে স্থায়ী অধিবক্তা নিযুক্ত কৰে।